Tuesday, February 16, 2021

TET (ASSAM): অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ:

 

TET (ASSAM):

অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ:

 অসমৰ ভাষা অসমীয়া। এই অসমীয়া ভাষা এটা সুপ্ৰাচীন ভাষা। ই আৰ্য গোষ্ঠীৰ ভাষা। আৰ্যসকল অসমলৈ অহাৰ আগতে ই অনাৰ্য গোষ্ঠীৰ বাসস্থান আছিল। প্ৰাচীন ভাৰতীয় আৰ্যভাষা বিশেষ ক্ৰম পৰিবৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম, একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। আগতে উল্লেখ কৰা হৈছে যে অসমত অনাৰ্য গোষ্ঠীয়ে বসবাস কৰিছিল আৰ্যসকল অহাৰ আগেয়ে। গতিকে ইয়াত বাস কৰা তিব্বতবৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ আৰু ঘৰুৱা বহু শব্দ অনাৰ্য ভাষাৰ পৰা আহিছে। আদিম ভাষাৰ সংস্পৰ্শত আৰ্য ভাষাই কৌলীন্য হেৰুৱাই ই দ্ৰুত গতিত পৰিবৰ্তিত হ’বলৈ ধৰিলে।

প্ৰাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলি পৰিচিত হ’লেও তেওঁলোকে আৰ্য ভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিয়ে। কালিকা পুৰাণৰ মতে নৰকাসুৰে প্ৰথমতে কিৰাতসকলক পূৰ্বে পূবে দিক্কৰবাসিনী আৰু দক্ষিণে সাগৰৰ ফালে খেদি দক্ষিণে সাগৰৰ ফালে খেদি কামৰূপত ব্ৰাহ্মণ আৰু উচ্চবৰ্ণৰ লোকসকলক প্ৰতিষ্ঠা কৰি ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰসাৰ ঘটায়। ব্ৰাহ্মণ্য ধৰ্মৰ বিস্তাৰ হোৱাৰ লগে লগে আৰ্য ভাষা অসমৰ প্ৰধান ভাষা হিচাপে চলিবলৈ ধৰিলে।

ভাৰতীয় আৰ্য ভাষাগোষ্ঠীক তিনিটা স্তৰত ভাগ কৰা হয়।

১)প্ৰাচীন ভাৰতীয় আৰ্য ভাষা।

২)মধ্য ভাৰতীয় আৰ্য ভাষা।

৩)নবীন ভাৰতীয় আৰ্য ভাষা।

বৈদিক আৰু সংস্কৃত ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষা। পালি প্ৰাকৃত আৰু অপভ্ৰংশই মধ্য ভাৰতীয় আৰ্য ভাষা আৰু আধুনিক কথিত আৰ্য গোষ্ঠীৰ ভাষাসমূহেই তৃতীয় স্তৰৰ নবীন আৰ্য ভাষা।

প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিবৰ্তন লাভ কৰি প্ৰাকৃত আৰু অপভ্ৰংশৰ মাজেদি আধুনিক ভাৰতীয় আৰ্য ভাষাত পৰিণত হৈছে। এই স্তৰবোৰ এনেদৰে বিশ্লেষণ কৰি দেখুৱাব পাৰি।

ক)বৈদিক সংস্কৃত ভাষাৰ স্তৰ:

বৈদিক ভাষা আৰু সংস্কৃত ভাষাই হ’ল প্ৰথম স্তৰৰ ভাষা। বৈদিক ভাষাক কথিত ভাষাৰ সমন্বয়ত পৰিমাৰ্জিত ৰূপদান কৰিলে সংস্কৃত ভাষাই। সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাহিত্য-সংস্কৃতিৰ মাধ্যম ৰূপে প্ৰসিদ্ধি লাভ কৰি সৰ্বভাৰতীয় সাহিত্যৰ মাধ্যমৰূপে প্ৰতিষ্ঠিত হয়।

খ)প্ৰাকৃত ভাষা:

বৈদিক যুগৰ প্ৰচলিত কথিত আৰ্য ভাষা ক্ৰমে পৰিবৰ্তিত আৰু সৰল হৈ প্ৰাকৃত ভাষা ৰূপে পৰিগণিত হয়। প্ৰাকৃতৰ স্তৰ ৰূপ তিনিটা:

১)আদি প্ৰাকৃত

২)মধ্য প্ৰাকৃত

৩)অন্ত্য প্ৰাকৃত

১)অশোকৰ শিলালিপি, পালি ভাষাত লিখা ত্ৰিপিটক আদি বৌদ্ধ শাস্ত্ৰত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।

২)সংস্কৃত নাটৰ ব্যৱহৃত হোৱা প্ৰাকৃত, হালৰ গাথা সপ্তশ্ৰতী, বাকপতিৰাজৰ গৌৰবহো, প্ৰবৰ সেনৰ সেতুবন্ধন আৰু জৈন ধৰ্ম গ্ৰন্থত মধ্য প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।

৩)অন্ত্য প্ৰাকৃত বুলিলে অপভ্ৰংশক বুজায়। অন্ত্য প্ৰাকৃতৰ সাহিত্যৰ নিদৰ্শন হ’ল বজজালগগ, সন্দেশৰাসক। সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ দোহাবোৰৰ ভাষাও অৰ্বাচীন অপভ্ৰংশ বুলি ধৰা হয়। বিদ্যাপতিৰ ‘কীৰ্তিলতা’ আৰু ‘কীৰ্তি পতাকা’ত অপভ্ৰংশৰ অন্য এক প্ৰকাৰৰ নমুনা পোৱা যায়।

প্ৰাকৃত ভাষাৰ চাৰিটা আঞ্চলিক ৰূপ পোৱা যায়। সেইবোৰ হ’ল-

পূৰ্বাঞ্চলৰ- মাগধী

মধ্যদেশৰ- শৌৰসেনী

দক্ষিণ পশ্চিমাঞ্চলৰ- মহাৰাষ্ট্ৰী

উত্তৰ পশ্চিমাঞ্চলৰ- পৈশাচী।

মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হয় প্ৰাচ্য অপভ্ৰংশ। ভাষাতত্ত্ববিদ, পণ্ডিত ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰংশৰ চাৰিটা শাখাৰ কথা উল্লেখ কৰিছে। সেই শাখা কেইটা হ’ল-

১)ৰাঢ়: ইয়াৰ পৰা পশ্চিমবঙ্গৰ উপভাষাৰ সৃষ্টি হয়।

২)বৰেন্দ্ৰ: ইয়াৰ পৰা উত্তৰ মধ্যবঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।

৩)বঙ্গ: ইয়াৰ পৰা পূৰ্ববঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।

৪)কামৰূপ: এই কামৰূপী প্ৰাচ্য অপভ্ৰংশৰ পৰাই অসমীয়া আৰু উত্তৰবঙ্গৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলত কথিত ভাষাৰ সৃষ্টি হৈছে।

অসমীয়া ভাষাই খ্ৰীষ্ট্ৰীয় দশম শতিকাৰ মাজভাগৰ পৰা স্বকীয় ৰূপ ল’বলৈ আৰম্ভ কৰে। প্ৰসিদ্ধ চীনা পৰিব্ৰাজক হিউৱেনচাঙে তেওঁৰ বিৱৰণীত লিখিছে যে কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাৰ পৰা কিছু পৃথক আছিল। তেওঁ অসমীয়া ভাষাৰ স্বকীয়ত্ব লক্ষ্য কৰিয়েই এই ধৰণৰ মন্তব্য আগবঢ়াইছিল।

প্ৰাচীন কামৰূপৰ ৰজাবিলাকৰ তাম্ৰশাসনত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়। গাঁৱৰ নাম, নদীৰ নাম আৰু মানুহৰ নামৰ প্ৰয়োগত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়। শাসনাৱলীৰ ভাষা সংস্কৃত হ’লেও সেই সময়ত চলা প্ৰাকৃতৰ নমুনা আৰু স্থান বিশেষে অসমীয়ালৈ ৰূপান্তৰিত হ’ব ধৰাৰ লক্ষণ তাত পৰিলক্ষিত হয়। ড° বেনীমাধৱ বৰুৱাই এই প্ৰসঙ্গত কোৱা এষাৰ কথা প্ৰণিধানযোগ্য- প্ৰাক আহোম যুগৰ কামৰূপৰ তামৰ ফলি আৰু শিলালেখাবোৰত প্ৰাকৃতৰ নিদৰ্শন আছে। সেইবোৰে খ্ৰীষ্ট্ৰীয় ৬ষ্ঠ- ১২শ শতিকাত প্ৰচলিত উপভাষাৰ ৰূপ আৰু প্ৰাকৃতৰ আভাস দাঙি ধৰে বুলি ক’ব পাৰি। ৰাজকীয় ভূমিদান সম্পৰ্কীয় ফলিবোৰত বিশুদ্ধ সংস্কৃত ভাষাত লেখিবলৈ যত্নৰ ক্ৰুটি নকৰা সত্ত্বেও কিছুমান অপ্ৰচলিত ৰূপ সোমাই পৰিছিল। ই হয়তো স্থানীয় লেখকসকলৰ নাইবা তক্ষকাৰসকলৰ নাইবা দুয়োৰে অসাৱধানতাৰ ভুল।

অসমীয়া ভাষাৰ বিকাশৰ উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰে চৰ্যাপদবোৰে। ইয়াত কামৰূপী ভাষাৰ ৰূপতাত্ত্বিক নিদৰ্শনবোৰৰ নমুনা পোৱা যায়। ইয়াতে অসমীয়া ভাষাই এটা সুন্দৰ ৰূপ লৈছে বুলি ক’ব পাৰি। ধ্বনিতত্ত্ব, শব্দমালা আৰু বাক্যবিন্যাস আদি সকলো ক্ষেত্ৰতে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ নিগূঢ় সম্পৰ্ক ৰক্ষিত হৈছে। অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা মোলান, পানী, দাপোণ, ভাল, গোহালি, আজি, উজুবাট, সৰু, মিছা, নৈ আদি শব্দবোৰ চৰ্যাপদত হুবহু ৰূপত পোৱা যায়।

চৰ্যাপদৰ সময়ৰ পাছত বিশেষকৈ ত্ৰয়োদশ শতিকাৰ পূৰ্বাৰ্ধৰ পৰা আধুনিক যুগলৈকে অসমীয়া ভাষাৰ বিকাশৰ প্ৰধানকৈ দুটা স্তৰ দেখা যায়। এটা সোতৰ শতিকালৈ আৰু আনটো তাৰ পিছৰ পৰা। অসমীয়া ভাষাটোৱে প্ৰথমতে পশ্চিম অসমত প্ৰবেশ কৰি সুকীয়া ভাষাৰূপে গঢ় লয়। সময়ত এই অঞ্চলৰ ভাষাত সাহিত্য ৰচিত হ’বলৈ ধৰে। এই ভাষাটোকে কামৰূপীয় ভাষা বোলে। চৰ্যাপদৰ পাছত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায় প্ৰাচীন অসমীয়া সাহিত্যত। এই ক্ষেত্ৰত প্ৰথমে উল্লেখনীয় হ’ল মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষা। ইয়াৰ লগতে ‘শ্ৰীকৃষ্ণ কীৰ্ত্তন’ৰ ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ পূৰ্বভাৰতৰ ভাষাৰ লগত থকা সম্পৰ্কৰ কথা দৃঢ়তাৰে ঘোষণা কৰে। সেইবাবেই অনুমান হয় কামৰূপী ভাষাটো গোটেই ৰাজ্যজুৰি কথিত আৰ্য ভাষা আছিল। তেতিয়া গোটেই অসম উপত্যকা আৰু উত্তৰবঙ্গৰ উপৰি বিহাৰৰ পূৰ্ণিয়া জিলাও এই ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।

সোতৰ শতিকালৈ কথিত আৰু লিখিত সাহিত্যত স্থান অধিকাৰ কৰা কামৰূপী ভাষাৰ পৰিসৰ কমি ই উপভাষালৈ পৰিবৰ্তিত হ’ল। বৰ্তমান কালত কামৰূপ জিলাৰ উপভাষা বা কথিত ভাষাটোৱে কামৰূপীয় উপভাষা। অসমীয়া ভাষাৰ গঠন আৰু বিকাশত ইয়াৰ মূল্য যথেষ্ট। প্ৰাচীন অসমীয়া সাহিত্যৰ বৈষ্ণৱ-অবৈষ্ণৱ সকলো কবিৰ ৰচনাত এই ভাষাৰ ধ্বনিগত, ৰূপগত আৰু শব্দগত বৈশিষ্ট্যবোৰ দেখিবলৈ পোৱা যায়। মধ্যযুগৰ বুৰঞ্জীবোৰতো এই উপভাষাৰ প্ৰভাৱ স্পষ্ট।

“আকে শুনি লক্ষ্মীনাৰায়ণে দ্বিলাক খেদি আহিল।

বঙ্গালে খাইবাক নপাই গড়ৰ ভিতৰতে শুখাই

মৰে………তাহনাৰ মুখত আহনাৰ সঙ্গে।

তেবে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মাৰিছাহ।

অসমৰ সামূহিক কাৰ্য চলোৱাৰ বাহন ৰূপে এই ভাষা প্ৰাচীন কালৰ পৰা চলি আহিছে। সোতৰ শতিকাত কোচ ৰাজত্ব ধ্বংস হোৱাৰ পাছত সাহিত্য চৰ্চাৰ কেন্দ্ৰ নামনি অসমৰ পৰা আহোম ৰাজধানীলৈ স্থানান্তৰিত হয়। তেতিয়াৰ পৰা আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত জীপ লোৱা উজনি অসমৰ উপভাষাটোৱে ইংৰাজ আমোলত মিছনাৰীৰ সহায় লাভ কৰি সাহিত্যিক মৰ্যাদা পায়।

বৰ্তমান গুৱাহাটী কেন্দ্ৰিক অসমীয়া সাহিত্য-সংস্কৃতিত এই ভাষাটোৰ কিছু পৰিবৰ্তন সাধিত হৈছে। শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ ওপৰত আকৃতিগত ভাৱে ভিত্তি কৰিলেও ভাষাটো গুৱাহাটী আৰু ওচৰ-পাঁজৰৰ উপভাষাৰ দ্বাৰাও প্ৰভাৱিত হৈছে।

সাম্প্ৰত্তিক অসমীয়া ভাষা পৰ্বত-ভৈয়ামৰ সকলো জনগোষ্ঠীৰ উমৈহতীয়া সম্পদ আৰু প্ৰকাশৰ বাহন। ইয়াৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব আন আন জাতিসত্তা আৰু উপভাষাবোৰক সামৰি ল’বলৈ কৰা ইয়াৰ প্ৰয়াসৰ ওপৰত। এইটো কথাও মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰীয় অখণ্ডতা অসমীয়া ভাষাৰ অখণ্ডতা ৰক্ষাৰ যোগেদিহে সম্ভৱপৰ হ’ব।

উপভাষা:

 

এটা ভৌগলিক পৰিবেষ্টনৰ জন সমষ্টিবোৰৰ মাজত ভাষাৰ বিভিন্নতা পৰিলক্ষিত হয়। অৰ্থাৎ এটা অঞ্চলৰ ভাষা আৰু আন এটা অঞ্চলৰ ভাষাৰ মাজত ধ্বনি, ধ্বনি সংযোগ বা ৰূপ আৰু শব্দমালাৰ নানা পৰিবৰ্তন দেখিবলৈ পোৱা যায়। ভাষাৰ এনে আঞ্চলিক ৰূপকে উপভাষা বোলে।

উপভাষা সৃষ্টিৰ মূল কাৰণ হ’ল মানুহৰ মাজত আহ-যাহ বা যোগাযোগৰ অভাৱ। প্ৰাকৃতিক বাধা, সামাজিক বাধা আদিয়ে এই যোগাযোগৰ অভাৱৰ সৃষ্টি কৰে। বিভিন্ন প্ৰশাসন, ধৰ্ম আদিৰ অধীনত থাকিলেও মানুহে মানুহে সংযোগৰ অসুবিধা হয়। যিবোৰ মানুহৰ মাজত পৰম্পৰে মিলা-মিছা, অহা-যোৱা, বিয়া-বাৰু আদি আদান-প্ৰদানৰ সুবিধা থাকে তেওঁলোকৰ মাজত ভাষাৰ বিভেদবোৰ নাইকিয়া হৈ ভাষাই একেটা গঢ় লয়।

ভাষাৰ খণ্ড খণ্ড ৰূপ আৰু অখণ্ড ৰূপ সৃষ্টি এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে। বাধাবোৰৰ বাবে ভাষা যেনেকৈ খণ্ড খণ্ড হৈ পৰে তেনেকৈ আকৌ ভাষাৰ অখণ্ডতা ৰক্ষা কৰিবলৈও কিছুমান কথাই সহায় কৰে। যেনে যাতায়তৰ সুবিধাই এই অখণ্ডতা ৰক্ষাত অৰিহণা যোগায়। যুদ্ধ, উৎসৱ-পাৰ্বণ আদিয়েও এই ক্ষেত্ৰত সহায় কৰে। যুদ্ধৰ সময়ত সেনা বাহিনীত বিভিন্ন অঞ্চলৰ লোকৰ সমাবেশ ঘটে। সেই মানুহবোৰৰ মাজত আদান-প্ৰদানৰ কাৰণে ভাষাৰ অখণ্ডতা প্ৰয়োজন হৈ পৰে। বিয়া বাৰুৰ যোগেদিও ভাষাৰ আঞ্চলিক বিভিন্নতা দূৰ হয়। দৰা-কইনা ভিন্ন অঞ্চলৰ হ’লে ল’ৰা-ছোৱালীয়ে এটা সমিল মিলৰ ভাষা ক’বলৈ শিকে। ল’ৰা-ছোৱালীবোৰ যিটো পৰিৱেশত ডাঙৰ হয় আৰু বিশেষকৈ লগৰীয়াবোৰে যিটো ভাষা কয় তাৰ দ্বাৰা প্ৰভাৱিত হয়।

ভাষাৰ অখণ্ডতা ৰক্ষাত সাহিত্যিক এজনে যেতিয়া কোনো অঞ্চলৰ ভাষাৰ মাধ্যমেৰে সাহিত্য ৰচনা কৰে তেতিয়া আন অঞ্চলৰ লোকে সেই ৰূপটোক আদৰ্শ ৰূপে গ্ৰহণ কৰে। কেন্দ্ৰীয় শিক্ষানুষ্ঠান স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিয়েও এই ক্ষেত্ৰত যথেষ্ট সহায় কৰে। বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্ৰ-ছাত্ৰীবোৰৰ ভাবৰ আদান-প্ৰ্দানৰ ক্ষেত্ৰত বিভিন্ন ভাষাৰ পৰিৱৰ্তে এটা সমূহীয়া ভাষা কোৱাৰ প্ৰয়োজন হৈ পৰাত ভাষাৰ বিভিন্নতা আঁতৰি যায়। তেনেকৈ ৰেডিঅ’, বাতৰি কাকত আদিয়েও এই ক্ষেত্ৰত সহায় কৰে।

গতিকে দেখা যায় যে শিক্ষা-সংস্কৃতি-সাহিত্য আদিৰ প্ৰসাৰৰ যোগেদি ভাষাৰ বিভিন্নতা আঁতৰি যোৱাৰ পৰিৱেশ গঢ় লৈ উঠে, কিন্তু এনে সমৰূপতাৰ ফালে ভাষাই আগবাঢ়ি যোৱাৰ লগে লগে আঞ্চলিক ভাষাবোৰৰ প্ৰতি মানুহৰ কিন্তু মোহ আঁতৰি নাযায়। বহুতে তাক সংৰক্ষণ আৰু সংবৰ্ধন কৰিব খোজে। তাৰ ঐতিহাসিক মূল্যৰ দ্বাৰাও সেই উপভাষা কোৱা মানুহখিনিয়ে গৌৰৱবোধ কৰি তাক ৰক্ষাৰ চেষ্টা কৰে। কিন্তু যেতিয়া ভাষাৰ অখণ্ডতা ৰক্ষা কৰা উপাদানবোৰে উপ-ভাষাৰ অৱস্থা শোচনীয় কৰি তোলে তেতিয়া ই নিম্ন শ্ৰেণীৰ লোকৰ মাজতেহে আৱদ্ধ হৈ পৰে আৰু লাহে লাহে মৃত্যুমুখত পৰে। এনেদৰে উপ-ভাষা এটাৰ মৃত্যু হ’লেও মান্য ভাষাত ইয়াৰ বহুতো শব্দ বা ৰূপ সংৰক্ষিত হয়। সেইবোৰৰ অনুসন্ধান কৰি মান্য ভাষা আৰু উপভাষাৰ মাজত পাৰ্থক্য আদিৰ আলোচনাৰ আলমত ভাষা বিজ্ঞানীসকলে ভাষাটোৰ সামগ্ৰিক ৰূপটোৰ বিষয়ে নতুন তথ্য উদঘাটন কৰিবলৈ সমৰ্থ হয়। গতিকে উপভাষাবোৰৰ বিস্তৃত অধ্যয়ন নোহোৱাকৈ কোনো এটা ভাষাৰ অনুসন্ধান সম্পূৰ্ণ নহয়।

উপভাষাৰ পৰাও আকৌ একো একোটা মান্য ভাষাৰ সৃষ্টি হয়। প্ৰতিভাশালী নেতা, সাহিত্যিক, সমাজ সংস্কাৰক, ধৰ্ম প্ৰচাৰক আদিয়ে নিজৰ অঞ্চলৰ ভাষাৰ মাধ্যমেদি যেতিয়া মতামত দাঙি ধৰি পুথি-পাঁজী ৰচনা কৰে তেতিয়া সেই ভাষাটো মান্য ভাষাৰ পৰ্য্যায়লৈ উঠিব পাৰে। কেতিয়াবা যদি এটা অঞ্চলৰ ভাষাৰে শাসন ব্যৱস্থা চলে, বাতৰি কাকত, ৰেডিঅ’ আদিত সি ব্যৱহাৰ হয়, ৰাজহুৱা সভা সমিতিত সি ব্যৱহৃত হয়, তেতিয়া এইবোৰ সাংস্কৃতিক কাৰণত উপভাষাটোৱে মান্য ভাষাৰ স্বীকৃতি লাভ কৰে। গতিকে ভাষা মানে কোনো অঞ্চলৰ মৰ্যাদাপ্ৰাপ্ত উপভাষা এটাকে বুজায়।

অসমীয়া মান্যভাষা আৰু উপভাষা:

 

সাংস্কৃতিক কেন্দ্ৰৰ সাল-সলনিৰ যোগেদি অসমত মান্যভাষা আৰু উপভাষা সৃষ্টিৰ উদাহৰণ দেখা যায়। অসমীয়া ভাষাটো মাগধী ৰূপৰ পৰা ৰূপান্তৰিত হৈ পশ্চিমৰ পিনেদি অসমত সোমায় আৰু অসমৰ নামনি অঞ্চলত সুকীয়া ভাষাৰূপে গঢ় লয়। পিছত ভাষাটো ক্ৰমে গৈ উজনি অঞ্চলত বিয়পি পৰে।

অসমত দুই ধৰণৰ শাসন ব্যৱস্থা আছিল। উজনিৰ আহোম শাসন আৰু নামনিত বিভিন্ন শাসন ব্যৱস্থা প্ৰচলিত আছিল। ৰাজধানীও একে ঠাইতে নাছিল। দুয়োটা অঞ্চলৰ মাজৰ যাতায়তৰ অসুবিধা, বিয়া-বাৰুৰ প্ৰচলন নোহোৱা আদি কাৰণত উজনি আৰু নামনি অসমৰ লোকসকলৰ মাজত মিলা-মিছাৰ সুবিধা হোৱা নাছিল। সেই কাৰণে নামনি অঞ্চলৰ ভাষাটোৱে এটা সুকীয়া ঠাঁচ ল’বলৈ সুবিধা পালে। গতিকে অসমীয়া ভাষাটোৱে দুটা আঞ্চলিক ৰূপ পালে- এটা পূব অঞ্চলৰ বা উজনিৰ উপভাষা আৰু আনটো পশ্চিম অঞ্চলৰ বা নামনিৰ উপভাষা। পশ্চিম অঞ্চলৰ উপভাষাক আৰু দুটা ভাগত ভগাব পাৰি। এটা কামৰূপী উপভাষা আৰু আনটো গোৱালপৰীয়া উপভাষা।

সোতৰ শতিকাৰ আগৰ কালছোৱাত অসমৰ নামনি অঞ্চলত সাহিত্য-সংস্কৃতিৰ কেন্দ্ৰস্থলীবোৰ গঢ় লৈ উঠিছিল। কমতাপুৰ জয়ন্তাপুৰ আৰু কোচবেহাৰৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত প্ৰাচীন অসমীয়া সাহিত্য এই অঞ্চলত সৃষ্টি হৈছিল। প্ৰথম অসমীয়া কবি হেম সৰস্বতী, মাধৱ কন্দলি, মনসা কবি মনকৰ, দুৰ্গাবৰ, সুকবি নাৰায়ণদেৱ, শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ আদিৰ ৰচনাত নামনি অসমৰ বিশেষকৈ কামৰূপ জিলাৰ ভাষাৰ চানেকি পোৱা যায়। কিন্তু সাংস্কৃতিক প্ৰাধান্য পোৱা এই ভাষাটোৱে আকৌ উপভাষাত পৰিণত হৈছে।

আনহাতে শিৱসাগৰ অঞ্চলত কোৱা উপভাষাটোৱে মান্য ৰূপ পালে আহোম ৰজাসকলৰ ৰাজধানী উজনি অসমত হোৱা হেতুকে। নামনি অসমৰ কোচৰাজ্য ধ্বংস হৈ যোৱাত আহোম ৰজাসকলৰ তত্ত্বাৱধানত শিৱসাগৰ জিলা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰত পৰিণত হয়। আহোমসকলৰ পাছত খ্ৰীষ্ট্ৰীয়ান মিছনাৰীসকলে তাতেই কেন্দ্ৰস্থল গঢ়ি তোলে। তেওঁলোকে সেই অঞ্চলত উপভাষা শিকি সেই ভাষাতে কিতাপ-পত্ৰ লিখিবলৈ ধৰে। এনেকৈয়ে সেই অঞ্চলৰ উপভাষাটোৱে মান্যভাষাৰ ৰূপ গ্ৰহণ কৰিলে আৰু অসমৰ সমৃদ্ধিশালী নামনি অসমৰ কামৰূপী ভাষা উপভাষালৈ ৰূপান্তৰিত হ’ল।

কোনো এখন দেশত কোনো ভাষিক সম্প্ৰদায় বসতি কৰাৰ বেছিদিন নহ’লে সেই ভাষিক সম্প্ৰদায়ৰ মাজত ভাষাৰ স্থানীয় বা আঞ্চলিক পাৰ্থক্য বৰ বেছি নহয় কিন্তু শ শ বছৰ ধৰি কোনো সম্প্ৰদায় বাস কৰি থকা ঠাইত ভাষাৰ স্থানীয় পাৰ্থক্যবোৰ বেছি হয়। অসমীয়া ভাষাৰ কামৰূপী উপভাষাৰ এনে স্থানীয় ৰূপ বহু কেইটা আছে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল বৰপেটা অঞ্চলৰ ভাষা, নলবাৰী অঞ্চলৰ ভাষা আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ ছয়গাঁও, বকো অঞ্চলৰ ভাষা।

এনেদৰে কামৰূপী উপভাষাসমূহ স্থানীয় ভাষাৰ সহযোগত এটা শক্তিশালী ভাষাৰূপে পৰিগণিত হৈছে।

প্ৰশ্নোত্তৰ:

 

১)অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা?

উত্তৰ: আৰ্য।

২)অসমীয়া ভাষাই ৰূপ পায় কেতিয়া?

উত্তৰ: দশম-একাদশ শতিকাত।

৩)অসমীয়া ভাষাত প্ৰভাব পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম উল্লেখ কৰা।

উত্তৰ: তিব্বত বৰ্মী।

৪)আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজা জন কোন?

উত্তৰ: নৰকাসুৰ।

৫)অসমত ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰা ৰজাজন কোন?

উত্তৰ: নৰকাসুৰ।

৬)ভাৰতীয় আৰ্যভাষাৰ স্তৰ কেইটা?

উত্তৰ: তিনিটা।

৭)মধ্য ভাৰতীয় আৰ্যভাষাৰ এটা উদাহৰণ হ’ল-

উত্তৰ: পালি ভাষা।

৮)প্ৰাচীন আৰ্য ভাষাৰ দুটা উদাহৰণ হ’ল-

উত্তৰ: বৈদিক ভাষা আৰু সংস্কৃত ভাষা।

৯)প্ৰাকৃত ভাষাৰ স্তৰ কেইটা?

উত্তৰ: তিনিটা।

১০)আদি প্ৰাকৃতৰ নিদৰ্শন ক’ত পোৱা যায়?

উত্তৰ: অশোকৰ শিলালিপিত।

১১)অপভ্ৰংশৰ নমুনা পোৱা এখন গ্ৰন্থ কি?

উত্তৰ: কীতিলতা।

১২)সহজীয়া বৌদ্ধাচাৰ্যসকলৰ গীতবিলাকক কি বুলি জনা যায়?

উত্তৰ: চৰ্যাপদ।

১৩)প্ৰাকৃতৰ আঞ্চলিক ৰূপ কেইটা?

উত্তৰ: চাৰিটা।

১৪)প্ৰাচ্য অপভ্ৰংশৰ শাখা কেইটা?

উত্তৰ: চাৰিটা।

১৫)প্ৰাচ্য অপভ্ৰংশৰ পৰা ওলোৱা এটা ভাষা

উত্তৰ: পশ্চিম বংগৰ উপভাষা।

১৬)অসমীয়া ভাষাৰ বিষয়ে লিখা বিদেশী পৰিব্ৰাজকজন কোন?

উত্তৰ: হিউৱেনচাং।

১৭)চৰ্যাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে?

উত্তৰ: ধ্বনিতত্ত্ব।

১৮)চৰ্যাপদবোৰত ব্যৱহৃত হোৱা অসমীয়া শব্দ এটা হ’ল-

উত্তৰ: মোলান।

১৯)মাধৱ কন্দলিয়ে কি গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰ: ৰামায়ণ।

২০)অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন কি?

উত্তৰ: কৃষ্ণ কীৰ্ত্তন।

২১)মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যিৰ উল্লেখযোগ্য নিদৰ্শন কি?

উত্তৰ: বুৰঞ্জী সাহিত্য।

২২)বুৰঞ্জীৰ গদ্যত কি উপভাষাৰ নিদৰ্শন পোৱা যায়?

উত্তৰ: কামৰূপী উপভাষা।

২৩)তলত দিয়া গদ্যৰ নিদৰ্শনটো ক’ৰ পৰা তুলি লোৱা হৈছে?

‘তাকে শুনি লক্ষ্মীনাৰায়ণে দ্বিলাক খেদি আহিল। বঙ্গালে খাহবাক নপাই গড়ৰ ভিতৰতে সুখাই মৰে……….তাহানাৰ মুখত আহনাৰ সঙ্গে। তেৱে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মৰিছাহ’।

উত্তৰ: বুৰঞ্জীৰ পৰা।

২৪)কোন সময়ত কমতাপুৰত সাহিত্য সৃষ্টি হয়?

উত্তৰ: দশম শতিকাত।

২৫)কামৰূপী ভাষাটো অসমৰ বাহিৰৰ কোনখন ঠাইত প্ৰচলিত আছিল?

উত্তৰ: বিহাৰৰ পূৰ্ণিয়া জিলা।

২৬)উপভাষা কাক বোলে?

উত্তৰ: ভাষাৰ আঞ্চলিক ৰূপক।

২৭)ভাষাৰ অখণ্ডতা ৰক্ষাত কোনে প্ৰধান ভূমিকা লয়?

উত্তৰ: সাহিত্যিকে।

২৮)ভাষাৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা লোৱা এট উপাদান হ’ল-

উত্তৰ: যাতায়তৰ সুবিধা।

২৯)মান্য ভাষাৰ সৃষ্টি হয়-

উত্তৰ: উপভাষাৰ পৰা।

৩০)উপভাষাৰ পৰা সৃষ্টি হোৱা এটা মান্যভাষা হ’ল-

উত্তৰ: অসমীয়া।

৩১)উপভাষা এটাই মান্য ভাষাৰ স্বীকৃতি লাভ কৰাৰ মাধ্যমবোৰ হ’ল-

উত্তৰ: বাতৰি কাকত।

৩২)সাংস্কৃতিক কেন্দ্ৰৰ পৰিৱৰ্তনে সৃষ্টি কৰা এটা মান্য ভাষা হ’ল-

উত্তৰ: অসমীয়া।

৩৩)শংকৰদেৱৰ ৰচনাত কোন জিলাৰ ভাষাৰ নিদৰ্শন পোৱা যায়?

উত্তৰ: কামৰূপ।

৩৪)অসমীয়া ভাষাৰ এটা উপভাষা হ’ল-

উত্তৰ: কামৰূপী।

৩৫)অসমীয়া ভাষালৈ উল্লেখযোগ্য বৰঙণি যোগোৱা ভাষাটো হ’ল-

উত্তৰ: বড়ো।

৩৬)আহোম ৰজাসকলৰ তত্ত্বাবধানত সাংস্কৃতিক কেন্দ্ৰৰূপে পৰিগণিত হোৱা ঠাইডোখৰ হ’ল-

উত্তৰ: শিৱসাগৰ।

৩৭)দক্ষিণপাৰত চলা উপভাষাটো ব্যৱহাৰ হয়-

উত্তৰ: ছয়গাঁও।

৩৮)অসমৰ নামনি অঞ্চলত গঢ়ি উঠা সাহিত্য সংস্কৃতিৰ কেন্দ্ৰস্থলীটো হ’ল-

উত্তৰ: কমতাপুৰ।

৩৯)কামৰূপী উপভাষাৰ পৰিসৰ কমি উপভাষালৈ পৰিৱৰ্তিত হয়-

উত্তৰ: সোতৰ শতিকাৰ পিছত।

Friday, July 10, 2020

ENGLISH GRAMMAR: CHAPTER => SENTENCE AND ITS TYPES.

::SENTENCE AND IT'S TYPES::

Sentence বা বাক্যক ইয়াৰ উদ্দেশ্য আৰু গঠণ অনুসৰি তলত দিয়া ধৰণে বিভাজন কৰিব পাৰি । 

    উদ্দেশ্য অনুসৰি  Sentence -ক ৫টা ভাগত ভাগ কৰিব পাৰি । যেনে - 
 1. Assertive Sentence.    2. Interrogative Sentence        3. Imperative Sentence    4. Exclamatory Sentence
5. Optative Sentence

ASSERTIVE SENTENCE ::

যি Sentence -এ সাধাৰণভাৱে কোনো ঘটনা(Event/Incident) বা বিবৃতি (Statement) বর্ণনা বা প্রকাশ কৰে তাক  Assertive Sentence বোলে ।  Assertive Sentence-ৰ শেষত সদায় Full Stop(.) বহে । 

     Assertive Sentence-ৰ মৌলিক গাঁথনি তলত উল্লেখ কৰা হ'ল :-

 1. SV => Subject + Verb                                               Example=>  Birds fly.

2. SVA => Subject + Verb + Adjunct.                           Example => The book is on the table.

3. SVC => Subject + Verb + Complement.                   Example =>  He is a Teacher.

4. SVO => Subject + Verb + Object.                             Example => He kicked the ball.

5. SVOA => Subject + Verb + Object + Adjunct.         Example => He put the pen in the bag.

6. SVOC => Subject + Verb + Object + Complement.  Example => They made him angry.

7. SVOO => Subject + Verb + Object + Object.            Example => Ram gave him the book.

গতিকে দেখা যায় যে Assertive Sentence-ৰ আৰম্ভনিত এটা Subject (উদ্দেশ্য) থাকে আৰু Verb (ক্রিয়া) থাকে ।

 Assertive Sentence দুই ধৰনৰ হ'ব পাৰে । যেনে- 

1) Affirmative Sentence (হয়বোধক বাক্য)  2. Negative Sentence(নহয়বোধক বাক্য)

    ওপৰত উল্লেখ কৰা Sentence বোৰ Affirmative Sentence (হয়বোধক বাক্য) -ৰ উদাহৰণ । অর্থাৎ, সাকাৰাত্মক বা হয় বা হোৱা অর্থ প্রকাশ কৰা Sentence-ক Assertive Sentence বোলে ।

            আনহাতে, নাকাৰাত্মক বা নহয় বা নোহোৱা অর্থ প্রকাশ কৰা Sentence-ক Negative Sentence বোলে । Negative Sentence বোৰত NO,NOT, DO NOT, DOES NOT, DID NOT, HAS NOT, HAD NOT, CANNOT, COULD NOT আদি বহে । এই Negative চিনবোৰ সদায়  Sentence-ৰ পিছত বহে ।

        ক্রিয়াৰ সময় হিচাপে   Assertive Sentence-ৰ মৌলিক গাঁথনি তলত উল্লেখ কৰা হ'ল :-

PRESENT TENSE:

1) Simple Present Tense => গঠণ => Subject + Verb1 + Object +....    Example=> I read a book.

2) Present Continuous Tense => গঠণ => Subject +BV(am/is/are)+ Verb + ing + Object +....                                                                                                                        Example=> I am reading a book.

3)Present Perfect Tense => গঠণ => Subject + have/has + Verb3 + Object +....                                                                                                                                             Example=> I have read a book.

4) Present Perfect Continuous Tense => গঠণ => Subject + have/has +been+ Verb1+ing + Object +....                                                                                                Example=> I have been reading a book.

 PAST TENSE:

 1) Simple Past Tense => গঠণ => Subject + Verb2 + Object +....    Example=> I read a book.

2) Past Continuous Tense => গঠণ => Subject +BV(was/were)+ Verb + ing + Object +....                                                                                                                        Example=> I was reading a book.

3)Past Perfect Tense => গঠণ => Subject +had + Verb3 + Object +....                                                                                                                                             Example=> I had read a book.

4) Past Perfect Continuous Tense => গঠণ => Subject + had +been+ Verb1+ing + Object +....                                                                                                Example=> I had been reading a book.

FUTURE TENSE:

1) Simple Future Tense => গঠণ => Subject +Shall/Will+  Verb1 + Object +....                                                                                                        Example=> I shall read a book.

2) Future Continuous Tense => গঠণ => Subject + Shall/ Will + be + Verb + ing + Object +....                                                                                                                     Example=> I shall be reading a book.

3)Future Perfect Tense => গঠণ => Subject +Shall/ Will + have + Verb3 + Object +....                                                                                                                                Example=> I shall have read a book.

4) Future Perfect Continuous Tense => ( আজি-কালি  ইয়াৰ ব্য়ৱহাৰ প্রায় নাই বুলিয়েই ক'ব পাৰি ) ।


Negative Sentence বোৰত NO,NOT, DO NOT, DOES NOT, DID NOT, HAS NOT, HAD NOT, CANNOT, COULD NOT আদি বহে । এই Negative চিনবোৰ সদায়  Sentence-ৰ পিছত বহে । যেনে - 

PRESENT TENSE:

1) Simple Present Tense => গঠণ => Subject +do/does not + Verb1 + Object +....                                                                                                    Example=> I do not read a book.

2) Present Continuous Tense => গঠণ => Subject +BV(am/is/are)+ not + Verb + ing + Object +....                                                                           Example=> I am not reading a book.

3)Present Perfect Tense => গঠণ => Subject + have/has + not + Verb3 + Object +....                                                                                               Example=> I have not read a book.

4) Present Perfect Continuous Tense => গঠণ => Subject + have/has + not +been+ Verb1+ing + Object +....                                                           Example=> I have not been reading a book.

 PAST TENSE:

 1) Simple Past Tense => গঠণ => Subject + did not + Verb1 + Object +....                                                                                                        Example=> I did not read a book.

2) Past Continuous Tense => গঠণ => Subject +BV(was/were)+ not + Verb + ing + Object +....                                                                                           Example=> I was not reading a book.

3)Past Perfect Tense => গঠণ => Subject +had + not + Verb3 + Object +....                                                                                                                                             Example=> I had not read a book.

4) Past Perfect Continuous Tense => গঠণ => Subject + had + not +been+ Verb1+ing + Object +....                                                                                                Example=> I had not been reading a book.

FUTURE TENSE:

1) Simple Future Tense => গঠণ => Subject +Shall/Will + not +  Verb1 + Object +....                                                                                                        Example=> I shall not read a book.

2) Future Continuous Tense => গঠণ => Subject + Shall/ Will + not + be + Verb + ing + Object +....                                                                              Example=> I shall not be reading a book.

3)Future Perfect Tense => গঠণ => Subject +Shall/ Will + not + have + Verb3 + Object +....                                                                                          Example=> I shall not have read a book.

4) Future Perfect Continuous Tense => ( আজি-কালি  ইয়াৰ ব্য়ৱহাৰ প্রায় নাই বুলিয়েই ক'ব পাৰি ) ।


:: INTERROGATIVE SENTENCE ::

যি  Sentence-ৰ দ্বাৰা কোনো প্রশ্ন সোধা হয় বা সাধাৰণতে প্রশ্ন সুধিবলৈ যি বাক্য ব্যৱহাৰ কৰা হয়, তাক  Interrogative Sentence বোলে ।  Interrogative Sentence -ৰ শেষত সদায় প্রশ্নবোধক চিন (?) বা  Question Mark দিয়া হয় ।

Interrogative Sentence-ৰ কিছুমান বৈশিষ্ট্য হ'ল -

১। Interrogative Sentence-ৰ আৰম্ভনিত সদায়  Auxiliary Verb ( am, is, are, was, were, can, must, will, shall, have, has, had আদি) ব্যৱহাৰ কৰা হয় ।   Auxiliary Verb নাথাকিলে Do Verb (Do/Does/Did হিচাপে) ৰ  সহায় লৈ Interrogative কৰা হয় ।যেনে -

Is John writing a letter ?        Do you play football ?        Are you joking ? ইত্যাদি 

২। Interrogative Sentence-ৰ আৰম্ভনিতে  Wh- Words ( who, which, whom, what, whose, when, where, why আৰু how) আদি শব্দ বিলাক ব্যৱহাৰ হ'লে এইবোৰ বাক্যটোৰ  আৰম্ভনিতে বহিব । যেনে -

What is your name ?        When did he come ? ইত্যাদি 


বিভিন্ন ক্রিয়াৰ কাল বা Tense অনুসৰি Interrogative Sentence-ৰ গঠন তলত দিয়া ধৰণে হয় । যেনে-

Present Tense

Simple Present Tense-

Form :     Do /Does + Subject + Verb1 + Object  ?   

Example  -      Do you know the man ?

                        Does he/she do the sum ?

 Present Continuous Tense-

Form :     Be Verb (am/is/are) + Subject + Verb1+ ing + Object  ?  

Example  -      Are you playing football ?     Is he/she singing a song ?


Present Perfect Tense-

Form :     Have/Has + Subject + Verb3 + Object  ?  

Example  -     Have you Completed the work ?     Has he/she sung a song ?

Present Perfect Continuous Tense-

Form :     Have / Has + Subject +been + Verb1+ ing + Object  ?  

Example  -      Have you been playing football ?     Has he/she been doing her/his homework ?


Past Tense

Simple Past Tense-

Form :     Did + Subject + Verb1 + Object  ?   

Example  -      Did you know the man ?

                        Did he/she do the sum ?

 Past Continuous Tense-

Form :     Be Verb (was/were) + Subject + Verb1+ ing + Object  ?  

Example  -     Were you playing football ?     Was he/she singing a song ?


Past Perfect Tense-

Form :     Had + Subject + Verb3 + Object  ?  

Example  -     Had you Completed the work ?     Had he/she sung a song ?

Past Perfect Continuous Tense-

Form :     Had + Subject +been + Verb1+ ing + Object  ?  

Example  -     Had you been playing football ?     Had he/she been doing her/his homework ?

Future Tense

Simple Future Tense-

Form :     Shall/ Will + Subject + Verb1 + Object  ?   

Example  -     Will you do the sum ?

                       

 Future Continuous Tense-

Form :     Will / Shall + Subject +be+ Verb1+ ing + Object  ?  

Example  -   Will you be playing football ?    Will he/she be sininging a song ?


Future Perfect Tense-

Form :    Shall / Will  + Subject+have + Verb3 + Object  ?  

Example  -     Shall you have Completed the work ?    Will  he/she has sung a song ?

Present Perfect Continuous Tense-  ( আজি-কালি  ইয়াৰ ব্য়ৱহাৰ প্রায় নাই বুলিয়েই ক'ব পাৰি ) ।

Interrogative Sentence-ৰ ভাগ ::

Interrogative Sentence-ক তিনি ভাগত ভাগ কৰিব পাৰি । যেনে - 

1) Yes -No Questions.
2) Wh-Questions
3) Tag - Questions.

Yes-No Questions :  যি বিলাক প্রশ্নৰ উত্তৰ হয় বা নহয়ৰ ভিতৰত সীমাবদ্ধ তেনে  Interrogative Sentence-ক Yes-No Questions বোলে । Assertive Sentence এটা Yes-No Question লৈ ৰূপান্তৰিত কৰিবলৈ Verb টো  Interrogative  কৰা হয় । যেনে - 
মূল বাক্য =  He can speak English well.                            The man who talked to us is still there.
Yes-No Question =>  Can he speak English well?          => Is the man who talked to us still there?

Other Examples are =>
Is John writing a letter ?        Has the boat left ?       Will you waiting for me ?
 
যদি   Sentence-টোত Auxiliary Verb নাথাকে, তেন্তে  'Do' Verb-ৰ সহায় লব লাগে । যেনে -
 
He plays cricket.    => Does he play cricket ?
The bus arrived late.  => Did the bus arrive late?

Wh-Questions: Wh-শব্দৰে ( Wh- Words ( who, which, whom, what, whose, when, where, why আৰু how) আৰম্ভ হোৱা প্রশ্নক Wh-Question বোলে । এই প্রশ্নৰ উত্তৰ Yes-No-ৰে দিব নোৱাৰি ।

Wh-Questions-ৰ বৈশিষ্ট্য :

১। Wh-শব্দটোৰ পাছত Auxiliary Verb টো বহে । তাৰ পাছতহে Subject টো বহে। যেনে - Who are you talking to ? Where did you hide the letter? What were you doing at 10 O'clock.

২। যদি Preposition-ৰ লগত What ব্যৱহাৰ কৰা হয়, তেন্তে Preposition-টো বাক্যটোৰ শেষলৈ আহে । যেনে - What did you open it with? What are you waiting for?

What-ৰ লগত 'Be Verb' আৰু শেষত like ব্যৱহাৰ কৰি প্রশ্ন-বাক্য সজাব পাৰি । যেনে- What was the weather like? What is the food in the hotel like?

What-ৰ পাছত Noun কিছুমান ব্যৱহাৰ কৰিও জোখ-মাপ বিষয়ক প্রশ্ন কৰিব পাৰি । যেনে- What height is your room? What age is he?

৩। Howৰে আৰম্ভ হোৱা *প্রশ্ন বিলাকৰ পাছত কেতিয়াবা একোটা Adjective লিখা হয় । যেনে - How high is your room? How old is he? How tall is the building? How fast does he drive?

৪। Wh- শব্দৰ পাছত ever ব্যৱহাৰ কৰিব পাৰি । যেনে- Where ever have you been? Who ever told you that?


Tag - Questions: Tag - Questions- এনে এক প্রকাৰৰ Interrogative Sentence য'ত প্রশ্নটো বাক্য এটাৰ শেষত যোৰা লগাই দিয়া হয় । যেনে-

He is your friend, isn't he? He likes you, doesn't he? You aren't coming tomorrow, are you?

Tag-Question-ৰ কেইটামান বৈশিষ্ট্য হ'ল :-

১) Affirmative /Positive Sentence /বাক্যত Negative Tag আৰু Negative Sentence /বাক্যত Positive Tag ব্যৱহাৰ কৰা হয় । যেনে -

He is a teacher, isn't he? He is not a teacher, is he?

ইয়াত is he - এটা Positive Tag, কিন্তু isn't he-এটা Negative Tag ।

২। মূল Sentence /বাক্যত যি Auxiliary Verb থাকে, Tag টোত সেই Auxiliary Verb টো ব্যৱহাৰ কৰা হয় । যেনে - I haven't met you, have I?

৩। মূল Sentence /বাক্যত যি Auxiliary Verb নাথাকে, Tag টোত সেই 'do' Verb টো ব্যৱহাৰ কৰা হয় ।

৪। Imperative Sentence-ৰ ক্ষেত্রত Shall / Will ব্যৱহাৰ কৰি Question Tag যোগ কৰা হয় । যেনে - Bring me a glass of water. => Bring me a glass of water, will you? Let us have a cup of tea. => Let us have a cup of tea, shall we ? কিন্তু Imperative Sentence-ৰ ক্ষেত্রত Negative বা Positive Tag যোগ কৰা হয় । যেনে -

Come to me when you desire. => Come to me when you desire, will you? Come to me when you desire, won't you?

৫। little, few, scarcely, rarely, seldom আদি Semi-Negative -ৰ লগত Positive Tag যোগ কৰা হয় । যেনে -

Few men were present. => Few men were present, did they?

Little can be done. => Little can be done, can it?

কিন্তু, a little, a few আদি Affirmative হিচাপে ব্যৱহাৰ কৰিলে Negative - Tag যোগ কৰা হয় । যেনে -

A few people were present. => A few people were present, didn't they?

A little has been done. => A little has been done, hasn't it?

৬। Every, Everybody, Everyone, None- থাকিলে Plural Tag ব্যৱহাৰ কৰিব লাগে । যেনে- Everybody loves an honest man. => Everybody loves an honest man, don't they? Everyone likes him. => Everyone likes him, don't they? None can believes a liar.=> None can believes a liar, do they?

৭। 'Used to' থাকিলে 'did' special finite ব্যৱহাৰ কৰা হয় । যেনে - They used to live together. => They used to live together, did they not?


:: IMPERATIVE SENTENCE ::

যি Sentence -ৰ দ্বাৰা আদেশ, অনুৰোধ, উপদেশ আদি মনৰ ভাৱ প্রকাশ কৰা হয়, তাক Imperative Sentence বোলে । এনে Sentence -ৰ শেষত Full Stop (.) চিন দিয়া হয় । এনে Sentence -ত উদ্দেশ্য বা Subject (You) টো সদায় উহ্য থাকে । Imperative Sentence বোৰ সদায় Present Tense-ত হয় । ইয়াৰ গঠন তলত উল্লেখ কৰা হ'ল :-

1) Affirmative Imperative Sentence :=> Verb + Object. 

Examples :-   Be ready by 7 O' clock tomorrow morning. Go there.  Come here. Stand Up. Be kind to the poor.Take your camera with you. Please come with me.

2) Negative Imperative Sentence =>  Don't + Verb + Object.

Examples :-   Don't open the window.  Don't  stop working right now. Please don't go now.

Imperative Sentence -ৰ Subject ( সাধাৰণতে You) উহ্য থাকে । Subject -টো 'You'-ৰ বাহিৰে আন কিবা হ'লে Imperative Sentence -ৰ আৰম্ভনিতে 'Let'  Verb টো ব্যৱহাৰ হয় ।

Examples :-  Let him go now. Let Ram sit down. Let her do this sum. 



1. Sort out the assertive, interrogative, imperative and exclamatory sentences:
   (i) The sky becomes very beautiful in the
    evening.
   Ans: Assertive Sentence

   (ii) Is he coming tomorrow?
   Ans: Interrogative Sentence

   (iii) He doesn't play football.
   Ans: Assertive Sentence

   (iv) She can sew clothes very well.
   Ans: Assertive Sentence

   (v) Come here.
   Ans: Imperative Sentence

   (vi) What a lot we had to eat at the party!
   Ans: Exclamatory sentences

   (vii) How fond he is of playing!
   Ans: Exclamatory sentences

   (viii) Those are beautiful flowers.
   Ans: Assertive Sentence

   (ix) How old is she?
   Ans: Interrogative Sentence

   (x) Where have you kept my pen?
   Ans: Interrogative Sentence

   (xi) I met him at Shillong last year.
   Ans: Assertive Sentence

   (xii) Please put it on the table.
   Ans: Imperative Sentence

   (xiv) Down came the roof.
   Ans: Imperative Sentence

   (xv) I feel very sleepy tonight.
   Ans: Assertive Sentence

   (xvi) Don't touch that wire.
   Ans: Imperative Sentence

   (xvii) Don't read so loud please.
   Ans: Imperative Sentence


2. Say which of the following sentences are affirmative and which are negative:
   (i) My brother has gone to school.
   Ans: Affirmative

   (ii) He does not read his lessons
    regularly.
   Ans: Negative

   (iii) He lives in a house on the hill.
   Ans: Affirmative

   (iv) What has Lila done?
   Ans: Affirmative

   (v) How tall the tree is!
   Ans: Affirmative

   (vi) How beautifully she sings!
   Ans: Affirmative

   (vii) It isn't a good picture.
   Ans: Negative

   (viii) Don't call him now.
   Ans: Negative

   (ix) None can live without food and
   water.
   Ans: Negative

   (x) This is not at all possible.
   Ans: Negative

   (xi) She wrote a letter this morning.
   Ans: Affirmative

   (xii) Are you playing a cricket match
   tomorrow?
   Ans: Interrogative

   (xiii) Write your name on the black board.
   Ans: Affirmative

   (xiv) Aren't they going out for a walk
   today?
   Ans: Negative

   (xv) He doesn't speak English well.
   Ans: Negative



In English language, based on the structure, there are four types of sentences. They are:

  1. Simple sentence
  2. Compound sentence
  3. Complex sentence
  4. Compound-Complex sentence

Information about clauses that you should know:

Before delving into the details of sentence structures, let us learn some basic facts about clauses because all sentences consist of clauses. Some sentences consist of only one clause (simple sentence) whereas some sentences may contain several clauses (complex, compound, or complex- compound sentences). A clause should have a subject and predicate of its own and should express a thought. There are two types of clauses, namely,

Independent clause or main clause

An Independent clause is a clause that has a subject and a predicate of its own and makes good sense by itself. In other words, it can be said that an Independent clause can stand by itself as a sentence. Therefore, it is called an Independent clause. It is also called main clause, principal clause, and co- ordinate clause.

Dependent clause or subordinate clause

A Dependent clause, also called a subordinate clause, is a clause that is a part of a sentence. It cannot stand on its own and make complete sense. It must depend on the main clause to have complete sense. For this reason, it is called a dependent clause.

As a basic example, a sentence which shows an Independent clause, and a Dependent clause is given hereunder.

  • They went home when the night came.

In the above sentence,” They went home” is the independent clause because it has got a subject (They) and a predicate (went home), and it expresses a complete idea. It can stand as a sentence by itself. On the other hand, the clause, ” when the night came.” cannot stand on its own and make complete sense. It is dependent on the main clause, “They went home”. So “when the night came is a dependent clause.

Now let us study the sentence structures one by one.

1. The simple sentence

Simple sentences are one of the 4 types of sentences based on structure. While it is the easiest sentence to create, it does have some rules you must follow. Along with being one independent clause there are aspects that need to be part of the sentence:

It must have a subject and a verb.

It must express a complete thought.

It can only have one clause.

That is simple and straightforward.  Here are a few examples of a simple sentence:

  • I ran out of paper for the printer.
  • The cake smells good.
  • Can I have some milk to drink, please?
  • She went to the store.

These are quite simple and quite easy sentences to create and use.

2. The compound sentence

Compound sentences contain at least two independent clauses that have related ideas. These clauses are joined using a coordinating conjunction, a correlative conjunction, semicolon, or a conjugative adverb

Here are a few examples of compound sentences:

  • The photographer wiggled his bells, and the baby smiled.
  • I arrived late; however, the class had not begun.
  • It was hot outside, but the ice cream did not melt.

How to form compound sentences?

We can combine two simple sentences only if they are related. You cannot pick two completely different simple sentences, link them together, and claim you have made a compound sentence. What you made was an English mess. For example, let us take the two simple sentences given below.

  • I want to play chess. He will go to Delhi tomorrow.

The above two sentences have no relation to each other. Therefore, they cannot be combined.

Now look at the following sentences

  • I want to buy a scooter. I haven’t sufficient money.

Above sentences have relation with each other. They can be combined to form a compound sentence as shown below:

  • I want to buy a scooter, but I haven’t sufficient money.

Compound sentences can be formed using any one of the following four methods as the situation demands.

  • Using coordinating conjunction 
  • Using correlative conjunction
  • Using semicolon
  • Using conjugative adverb
FORMING COMPOUND SENTENCES USING A COORDINATING CONJUNCTION 

We know that there are seven coordinating conjunctions in English language, and they are: For, And, Nor, But, Or, Yet, and So (Acronym: FANBOYS).

When we join two independent clauses with a coordinate conjunction to form a compound sentence, we must choose the most suitable one for the context.

Punctuation rule: The coordinate conjunction must be preceded by a comma.

Examples:

  • I ran to class, but my friend walked.
  • Ann went to her friend’s house, and her sister accompanied her.
  • I went quickly, for I had to attend a meeting at 9.00 A.M.

If the independent sentences to be joined are short and closely related either a comma or a coordinating conjunction are sufficient for joining the same.

Example:

  • Ann opened the door and Jill took the bag inside. (No comma)
  • Ann opened the door, Jill took the bag inside. (Only comma)
FORMING COMPOUND SENTENCES USING A CORRELATIVE CONJUNCTION 

We know that correlative conjunctions are paired conjunctions, that are always used together. Some of the most common correlative conjunctions are:

not only… but also

either…or

neither…nor

No sooner … than

We can join two independent clauses using a pair of correlative conjunctions. But while choosing a correlative conjunction to form a compound sentence, care must be taken to select the most suitable conjunction capable of expressing the relationship between the two independent clauses.

Punctuation rule: A comma must come before the conjunction that introduces the second independent clause.

Examples:

  • John is not only very handsome, but also is highly intelligent.
  • You can either go with Jim in his car or go by bus afterwards.
  • neither know, nor wish to know about Jill’s whereabouts.
  • No sooner had I reached the hall, than the meeting started.
FORMING COMPOUND SENTENCES USING SEMICOLON

If the two independent sentences to be joined are closely related, we can join them only with a semicolon.

Examples:

  • I wanted to play caroms; my friend wanted to play chess.
  • Jill filled the bucket; Jack carried it.
  • I brought the rope; father tied the knot.
FORMING COMPOUND SENTENCES USING CONJUNCTIVE ADVERB

We know that conjunctive adverbs are adverbs used as conjunction to join two independent clauses. Thus, using conjunctive adverbs too, we can form compound sentences. There are a lot of conjunctive adverbs in English language. When we choose a conjunctive adverb to join two independent clauses, care must be given to select one that is most suited to the relationship of the two clauses.

Punctuation rule: A semicolon precedes conjunctive adverb and a comma after it.

Examples:

  • I was awake the whole night; therefore, I am feeling sleepy now.
  • Jack misbehaved in the class; as a result, he got punishment from his teacher.
  • We have not received your reservation; therefore, our assumption is that you will not be attending the meeting.

3. The complex sentence

The complex sentence is a sentence that consists of an independent clause and one or more dependent clauses, introduced, and joined with the linking word, called subordinating conjunctions. There are a lot of subordinate conjunctions in English language. Some of the commonly used subordinate conjunctions are: as, as if, before, after, because, though, even though, while, when, whenever, if, during, as soon as, as long as, since, until, unless, where, and wherever

Some examples of complex sentences are as follows:

  • As the bridge wasn’t properly maintained by the governmentit fell down.
  • Whenever they eat at this restaurantthey order a hamburger and fries.
  • He’ll be able to maintain a healthy weight if he keeps exercising.
  • As the world is getting warmer, polar bears are in danger of becoming extinct.

In the above complex sentences, the dependent clauses are highlighted. A subordinate conjunction introduces and links each of the dependent clauses to the independent clause. The dependent clause may be an adverb clause, a noun clause, or a relative clause.

Notice that the independent clause does not have to be the first clause in the sentence. When the dependent clause is placed first, we generally put a comma after it. But in case the independent clause comes first no comma is usually needed.

Example:

  • If he studies well, he will pass the test.

He will pass the test if he studies well.

4. The compound-complex sentence

To make a compound-complex sentence, you need at least two independent clauses, a conjunction, and one or more dependent clauses (subordinate clauses).

To make it simple, you are combining two sentence types together. That is, a complex and compound sentence are combined to form a compound-complex sentence. Some examples will help you:

  • We did not win the game, but we were not unhappy because we, the beginners, had faced the veterans confidently.

We did not win the game – Independent clause

we were not unhappy – Independent clause

but – Coordinating conjunction

(because we, the beginners, had faced the veterans confidently). – Dependent clause

because – Subordinating conjunction

In the above example, there are two Independent clauses combined with the coordinating conjunction” but”, and one dependent clause connected to the independent clause with the subordinating conjunction, “because”

  • The flower girl was crying because she could not sell her flowers till evening, but when the gentleman bought the entire flower basket, she became happy.

The flower girl was crying – Independent clause

she became happy – Independent clause

(because she could not sell her flowers till evening) – Dependent clause

(when the gentleman bought the entire flower basket) – Dependent clause

but – Coordinating conjunction

when, because – Subordinating conjunctions

In the above example, there are two complex sentences (each consisting of one independent clause and one dependent clause), combined with the coordinating conjunction” but”. The dependent clause of the first complex sentence is connected to the independent clause with the subordinating conjunction,” because” and the second complex sentence is connected to the independent clause with the subordinating conjunction, “when”.

  • She loved me for the dangers that I had faced to marry her, and I loved her because she loved me.

She loved me for the dangers – Independent clause

I loved her – Independent clause

(that I had faced to marry her) – Dependent clause

because she loved me – Dependent clause

and – Coordinating conjunction

that, because – Subordinating conjunctions

Above example also has two complex sentences connected with the coordinating conjunction, “and”.

As a compound-complex sentence is a combination of complex and compound sentences, so all the rules relevant to both complex sentences and compound sentences are to be observed while forming compound-complex sentences too.

Some final thoughts

It just takes a little patience and dedication to learn everything there is to know about the types of sentences.

As you use English more often, you will naturally transition to the different sentence structures. Soon, you will be able to pick and choose which sentence structure fits your communication purpose and can use all of them at different times.